Show/Hide Keyboard Layout

এন্ধাৰ হ’ব নোৱাৰোঁ

- জুবিন গাৰ্গ

এন্ধাৰ হ’ব নোৱাৰোঁ, মচি দিব নোখোজোঁ

এন্ধাৰ হ’ব নোৱাৰোঁ, মচি দিব নোখোজোঁ

পাখি মেলা অতীতক কিদৰে পাহৰোঁ ।

এন্ধাৰ হ’ব নোৱাৰোঁ, মচি দিব নোখোজোঁ ...

 

পোহৰ বুলি জীয়ালোঁ, মনে মনে প্ৰাণতে

হাতেৰে ঢুকিলোঁ পোৱা জোনৰে ছবি

পাখি মেলি সপোনে, আগছিলে জীৱনক

কোনোবা দৰদী আকাশৰ নীলিমাতে

সেই মন আজি যেন অসীমত

লীন হোৱা তৃষা

কিদৰে পাহৰোঁ মই

এন্ধাৰ হ’ব নোৱাৰোঁ, মচি দিব নোখোজোঁ

পাখি মেলা অতীতক কিদৰে পাহৰোঁ ।

 

সাগৰ নীলা দুচকুত, কি ৰং আনে জীৱনে

নাজানোঁ যদিও দুবাহু আছো মেলি

সঁচা মিছা সোঁমাজত, সাঁতুৰিছো যদিও

খেদি খেদি সপোনে মিঠা চুমা যাচে

এই মন আজি যেন পোহৰৰ

প্ৰাণ পোৱা তৃষা

কিদৰে পাহৰোঁ মই

এন্ধাৰ হ’ব নোৱাৰোঁ, মচি দিব নোখোজোঁ

এন্ধাৰ হ’ব নোৱাৰোঁ, মচি দিব নোখোজোঁ

পাখি মেলা অতীতক কিদৰে পাহৰোঁ ।

এন্ধাৰ হ’ব নোৱাৰোঁ

এন্ধাৰ হ’ব নোৱাৰোঁ

এন্ধাৰ হ’ব নোৱাৰোঁ

মচি দিব নোখোজোঁ

এন্ধাৰ হ’ব নোৱাৰোঁ

মচি দিব নোখোজোঁ ...

Hits: 1123